Tuesday, January 20, 2015

সাৰ পাম মই পুৱঁতি নিশাতে

সাৰ পাম মই পুৱঁতি নিশাতে
নিয়ৰ যেতিয়া সৰে
বাটৰ শুকান ধুলিত সেমেকা
যিটো প্ৰহৰে কৰে
আই মোক জগাবি
আই মোক জগাবি

মই চাবো খোজো হেঙুলী বেলিয়ে
এন্ধাৰ কেনেকৈ নাশে
ফুলাৰ মন্ত্ৰ কেনেকৈ সিঁচে
কুসুমৰ কাষে কাষে
উদং বতাহৰ বুকু কেনেকৈ
মিঠা সুবাসেৰে ভৰে

সাৰ পাম মই পুৱঁতি নিশাতে
নিয়ৰ যেতিয়া সৰে 
বাটৰ শুকান ধুলিত সেমেকা যিটো প্ৰহৰে কৰে
আই মোক জগাবি /আই মোক জগাবি

জানিবো খোজিচো গোপন মন্ত্ৰ
সৃষ্টিত থকা আই
জানিবো খুজিচো কি গীত গালো
শূন্য আতৰি যায়
মোৰো মন আছে ফুলি উঠিবৰ
সূৰ্য্যমূখীৰ দৰে


সাৰ পাম মই পুৱঁতি নিশাতে 
নিয়ৰ যেতিয়া সৰে 
বাটৰ শুকান ধুলিত সেমেকা 
যিটো প্ৰহৰে কৰে
আই মোক জগাবি 
আই মোক জগাবি

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.