Tuesday, January 20, 2015

আগলতি কলাপাত

আগলতি কলাপাত
লৰে কি চৰে
চিলনী আই তোৰ
আগতে পৰে
ফাগুণী হায়
আই তোৰ নায়
আগলি পাততে কাউৰী পৰে
আগলি পাততে কাউৰী পৰে

নেখাবি নেখাবি সজাতি কাউৰী
নেখাবি নেখাবি সজাতি কাউৰী
কলিজাই আমনি কৰে
নেবান্ধো নেবান্ধো মুকলি চুলি
নিপিন্ধো নিপিন্ধো সোণৰ কাণ ফুলি

বুকু তোৰ হম হম কিয়নো কৰে
মনে তোৰ অমংগল কিয়নো ধৰে
আগলতি কলাপাত লৰে কি চৰে

বন্ধো সঁজাতে তোক
আয়েৰক মনতে পৰে
আই তোৰ আয়েৰক মনতে পৰে
এধানি হিয়াতে তোক
দুখেই যে উচলি পৰে
আই তোৰ দূখে যে উচলি পৰে

আই তোৰ দূখে যে উচলি পৰে

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.