মৃত্যু সাৱটি সমাধি তলিত
অকলে
আছোঁহি শুই
এতিয়া
পুনৰ আহিছা কিয়
জ্বলাব
কলিজাৰ জুই ।
মৰণ
পৰতো আছিলোঁ দেখোন
তোমাৰ
বাটকে চাই
তেতিয়া
তুমি সময় নেপালা
তোমাৰ
আহৰি নাই ।
মোৰ
মৃতদেহ বগা কাপোৰেৰে
কোনোবাই
ঢাকি দিলে
আন
কোনোবাই গঙ্গা জ্বলেৰে
দেহাটি
তিয়াই দিলে ।
নিশ্চয়
তুমি তেতিয়া আছিলা
আনৰ
মৰম চুই
মই
আছিলোঁ ক্ষণ গণি গণি
আশাৰ
বৃক্ষ ৰুই ।
চিৰশান্তিৰ
কোলাত আজি
পালোঁ
মোৰ বিচৰা ঠাই
তুমি
কিয় বাৰু এতিয়াও মোক
জোকাবলৈ
এৰা নাই ।
জীৱন
পাৰৰ কাহিনী সামৰি
তুমি
কিয় যোৱা নাই
জীয়া
মায়াৰ বান্ধ খুলি ল’লোঁ
মৰণ
প্ৰেয়সীক পাই ।
নোজোকাবা
মোক মিছা হাঁহি মাৰি
ভাল
পাওঁ বুলি কৈ
এতিয়াতো
যে পাৰ হ’বতো
নোৱাৰোঁ
অসীম
মৰণ লৈ ।
No comments:
Post a Comment
Note: Only a member of this blog may post a comment.