Tuesday, January 20, 2015

এই আকাশ বৰ বিশাল

এই আকাশ বৰ বিশাল
এই পথাৰ বৰ ৰসাল
তেৱো কিয়ো লাগে উকা
তেৱো কিয়ো লাগে উকা
মোৰ মন পথাৰতে
তই ৰবি হৈ জীপাল

আহ উৰি আহ
সজল মেঘ
চা জুমি চা 
কোমল মেঘ
মন আকাশ বৰ বিশাল
মোৰো হৃদয় বৰ ৰসাল

জুৰি বয় নদীলৈ 
নদী যায় সাগৰলৈ
মন ফুল চুবলৈ
উম যায় বতাহে হৈ

তই নদী হৈ
আহ কাষলৈ
মন সাগৰৰ 
পথ আহিবৈ
মন সাগৰ বৰ বিশাল

মোৰো হৃদয় বৰ ৰসাল
তেৱো কিয়ো লাগে উকা

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.