Tuesday, January 20, 2015

মৰ আউসীৰ ৰাতি

মৰ আউসীৰ ৰাতি
ফেচাই কুৰুলিয়ায়
ঘৰ জেউতিৰ হাহি
নুমায় মৰহি যায়
আল্লাক সাৰথী
কৰাহে বান্ধৈ
আল্লাক সাৰথী
কৰাহে বান্ধৈ
দেহৰে ভৰসা নাই মোৰ আল্লা
জীৱৰে তৰনী নাই মোৰ আল্লা
দেহৰে ভৰসা নাই

দুনিয়া এদিনৰ
দুনিয়া দুদিনৰ
দুনিয়া ফুলনী বাৰী
ঘুণীয়া শৰীৰত
জোৱাৰৰ তেজ নাই
সময়বোৰ নাহে যে
ঘুৰি মোৰ আল্লায়
জীৱৰে তৰনী নাই মোৰ আল্লা
দেহৰে ভৰসা নাই

ঘৰৰ কাষৰে
জাতি বাহ এজুপি
সিয়ো মোৰ সদোৰৰ ভাই
জীয়াই থাকো মানে
কৰো কাথি কামি
মৰিলে লগতে
যায় মোৰ আল্লা
জীৱৰে তৰনী নাই
মোৰ আল্লা

দেহৰে ভৰসা নাই

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.