Tuesday, January 20, 2015

চুচুক্ চামাক্‌কৈ দীপালীজনীয়ে

ভায়েক : ʼ ককাইটি/ ককায়েক : কি ʼল/কথাঃকি ʼ ʼ

ভায়েক : চুচুক চামাককৈ দীপালীজনীয়ে কিয়  মোৰ পিনে ʼ লাগি চায়?
ককায়েক : ভাইটি তই বুজিকে পোৱাহে নাই
ভাইটি তাই বোধহয় তোকেই ভাল পায়!
ভায়েক : সৌ কৰবীজনীয়ে কিয়, মৰমী চাৱনীৰে
খিৰিকীমুখত থিয় হয়?
ককায়েক : ভাইটি এয়া প্ৰথম প্ৰেমৰ পৰিচয়;
ভাইটি এয়া মৰম বোটলাৰ সময়।
ভায়েক : পিছে দীপালী কৰবীকে
দীপক বৰুৱাৰ ʼতে
মিলা দেখি কিবা ভব হয়
ককায়েক : (ʼ) তেনে ভীষণ কথা ʼ ভাই
(
তেনে) মোৰ উপদেশ দিবলৈ নাই।
তহঁতৰ বয়স ৰঙীণ সৰস
দুয়ো : বুজিও নুবুজ একো;
যেনিয়ে চকু যায় তেনিয়ে থমকি ৰয়
নেচাবৰ মন নাই কাকো।
ভায়েক : আৰু লিপিকা দেৱীয়ে কিয়
নীলা নীলা চিঠিৰে
বহু বহু মিঠা কথা কয়!
ককায়েক : ভাইটি তোৰ সমান আৰু অঁকৰা নাই
শুনিছোঁ বহুতলে চিঠি লিখে তাই।
ভায়েক : আৰু সৌজনী ৰঞ্জনা হংস খোজেৰে দেখোঁ
মোৰ পিনে আহে আগুৱাই।
ভাইটি তই সাৱধান হোৱা কিয় নাই?
বহুতে কয়, বহুতকে ভাল পায় তাই।
(
কথাঃ সাৱধান কৰি দিছোঁ কিন্তু)
সৌৱা মিচিক্ মিচাককৈ
হাঁহি হাঁহি চম্পাই
মিঠাকৈ কিয় গীত গায়?
ভায়েক : কাইটি তয়ো দেখো বুজি পোৱা নাই
ককায়েক : বুজিছোঁ গাইছে তোকেই শুনাই
ভায়েক : কাইটি তয়ো গীতৰ ভাষা বুজা নাই
বুজিছোঁ গীতৰ বাহিৰে একো নাই।

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.