Tuesday, January 20, 2015

ভৰিৰ তলুৱাৰ

ভৰিৰ তলুৱাৰ
পৰা যদি ধৰাখন
খহি খহি পৰা যেন লাগে
তিল তিল কৈ যদি
নিজৰে ঘৰখন
কৰোবাৰ দোষতে ভাগে
পুনৰ গঢ়িবা তুমিহে বান্ধৱ
পুনৰ গঢ়িবা তুমি

যদি পৰিয়ালে তোমাৰ
সংগ এৰে
তুমি অকলশৰীয়া হোৱা
যদি সত কাম কৰি কৰি
সংসাৰ সজালেও
অপযশ পদে পদ পোৱা
পুনৰ সজাবা তুমিহে বান্ধৱ
পুনৰ সজাবা তুমি

শান্তিক কৰি লোৱা তোমাৰ গৃহিনী
ধৈৰ্য হব লাগে পিতৃ
দয়া হব লাগে মৰমী ভগিনী
ক্ষমা হব লাগে ধাতৃ
আশা হব লাগে তোমাৰ সহোদৰ
সংগ্ৰাম হবগৈ মাতৃ
যদি বিছনাৰ অভাৱত
আকাশৰ তলতেই
বাগৰি পৰিব লাগে
যদি পোছাকৰ অভাৱত
সময়ৰ ৰঙকেই
মেৰিয়াই লবগৈ লাগে
তাকেই কৰিবা তুমি হাঁহি মূখে
তাকেই কৰিবা তুমি
ভৰিৰ তলুৱা
পৰা যদি ধৰাখন
খহি খহি পৰা যেন লাগে
তিল তিল কৈ যদি
নিজৰে ঘৰখন
কৰোবাৰ দোষতে ভাগে
পুনৰ গঢ়িবা তুমিহে বান্ধৱ
পুনৰ গঢ়িবা তুমি


No comments:

Post a Comment

Note: Only a member of this blog may post a comment.