Tuesday, January 20, 2015

নিবিড় বনে যে মাতিছে যা


নিবিড় বনে যে মাতিছে যা
যা যা দূৰণিলৈ
হেৰোৱা সুবাসে মাতিছে যা
নিবিড় বনে যে মাতিছে যা
যা পখী দূৰণিলৈ
হেৰোৱা সুবাসে মাতিছে যা
সোণৰে সঁজাটি এৰি তই যা
যা নীলিম আকাশলৈ
সোণালী দে যে মাতিছে যা
জোনৰে জোনাকে মাতছে যা
যা নীলিম আকাশলৈ

শ্যামল শোভাই সানিব ৰং
অৱসাদে কৰে ধূসৰ মন
মৰুত হেৰোৱা জীৱন নদীক
বনৰ জুৰিয়ে দিবহি গতি
জীৱন মায়াৰে প্ৰাণৰ সুৰভি
বনতে বিচাৰি
কঠিন শিকলি ছিঙি দি যা

দূৰৰ পাহাৰে দিব যে পণ
ভীৰুতাৰে কিয় ভাঙিবি মন
জীৱন মায়াৰে প্ৰাণৰ সুৰভি
মহুৱা বনতে

আকাশে বতাহে বিচাৰি যা ।।

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.