জিলমিল সোণোৱালী
দিন
জিলমিল
সোণোৱালী দিন
সেই
দিনবোৰ হ’ল নে
লীন
বিলীন
হ’লো নে মই
- অ’ সময় ।
এই
হিচাবৰ তহবিল শূন্য
নাই
পাপ, নাই পুণ্য
তথাপিও
ধন্য নহ’লো মই
অ’
সময় সুখময় দুখময় ।
মোৰ
অতীত মধুৰ সুমধুৰ
বৰ্তমান
বৰ গধুৰ
ভৱিষ্যত
ভবিতব্য বুলি
গুণী
জ্ঞানী জনে কয়
অ’
সময় নীলিময় ।
সেয়ে,
চিঞৰি চিঞৰি মাতিছো
সুঁৱৰি
সুঁৱৰি দহি দহিছো
এই
দহন বৰ জ্বালাময়
অ’
সময় নীলিময় মৃন্ময় ।।
No comments:
Post a Comment
Note: Only a member of this blog may post a comment.