Wednesday, January 21, 2015

মোৰ মন বাঘ

মোৰ মন বাঘ

(Please click above to listen the song)

মোৰ মন বাঘ যদি আজি
প্ৰজাপতি হয়
মোৰ মন বাঘ যদি আজি
প্ৰজাপতি হয়
আৰু কৰবাৰ চিলনীয়ে
খেদি খেদি কয়
তোৰ সাহৰ দেখোন কোনো চিনচাব নাই
তোৰ সাহৰ দেখোন কোনো চিনচাব নাই
মই কম কি
মই কম কি

মোৰ মাটিদৰা যদি
আজি চন পৰি যায়
আৰু আয়ে যদি কান্দি
মোক আহি কয়
সেউজ ৰং বাৰু মোক কিয়ো নিদিলি
সেউজ ৰং বাৰু মোক কিয়ো নিদিলি
মই কম কি
মই কম কি

মোৰ বুকুখন যদি আজি
পাল হৈ যায়
ধুমুহাই যদি তাকেই সঘনে কোৱাই
মই জানো মুখন হাতেৰে ঢাকিম
চিএঁৰিম আকাশ কপাই 
চিএঁৰিম আকাশ কপাই 
মোৰ দেশখন যদি 
আজি আই হই যায়
আৰু আয়ে যদি কান্দি 
বাৰে বাৰে বাৰে কয়
তই বাৰু মোৰ বাবে 
মোৰ বাবে কি কৰিলি
তই বাৰু মোৰ বাবে 
মোৰ বাবে কি কৰিলি
মই কম কি
মই কম কি

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.