কৃষ্ণচূড়া
তোমাৰ প্ৰাণৰ
ৰঙেৰে
মোৰ জীৱন
এবাৰ
ৰঙাই তোলা ।
মোৰ
জীৱনৰ বকুল বনৰ
ফুল
সৰি সৰি গ’ল
মোৰ
যে মনৰ শিমলু তুলা
উৰি
উৰি নুৰা হ’ল
।
কেতেকী
তোমাৰ বিননি
আৰু
নুশুনাবা
এজাৰ
তোমাৰ ব্যথাৰে জীৱন
নোবোলাবা
।
নিদাঘৰ
দাহে শুকালে যি
নৈৰ
ধাৰা
বৰষা
তোমাৰ দানেৰে
আকো
উপচাই দিয়া
কোনোবা
খিনিত কি যে হেৰুৱালো
সি
কথা মনত নেপেলাবা ।।
No comments:
Post a Comment
Note: Only a member of this blog may post a comment.