শুন হেৰো ৰুপহী বিজুলী
তই জানো নাশিবো পাৰিবি
ঘনঘোৰ শাখিনী আউসী
শুন হেৰো ৰুপহী বিজুলী
তই জানো নাশিবো পাৰিবি
ঘনঘোৰ শাখিনী আউসী
কণ কণ অকনি জোনাকী জাকে
জ্যোতি কণাৰে সভা পাতে
কণ কণ অকনি জোনাকী জাকে
জ্যোতি কণাৰে সভা পাতে
তই জানো নিৰবে থাকিবি
ভয় খাই আতৰি পলাবি
চাই মাথো কাজলী আঁউসী
এন্ধাৰ ধৰাত জোনাকী হৈ
থাকো যদি অকলে ৰৈ
কোনো খেদ নাই তাৰ বাবে
কোনো খেদ নাই তাৰ বাবে
সাহেৰে অকলে নাশিমেই
আঁউসীকেই মই
শুন হেৰো ৰুপহী বিজুলী
তই জানো নাশিবো পাৰিবি
ঘনঘোৰ শাখিনী আউসী
বুলোতে বাট পোহৰ নেপাই
পৰো যদি উজুতি খাই
বুলোতে বাট পোহৰ নেপাই
পৰো যদি উজুতি খাই
পাৰো যদি তই লগ হবি
পাৰো যদি তই লগ হবি
দুয়োয়ে লগেৰে নাশিমেই
আউসীকেই গৈ
শুন হেৰো লগৰী বিজুলী
তই জানো লগতে নাহিবি
নাশিবলৈ শাখিনী আউসী
No comments:
Post a Comment
Note: Only a member of this blog may post a comment.