Tuesday, January 20, 2015

দেখা নাই

দেখা নাই
আগে এনে ছবি দেখা নাই
শুনা নাই আগে এনে সুৰ
শুনা নাই
ফুলে মাতে ৰদে মাতে
নিবিড় ছায়াই
শান্তি যেন বৈ যায়
বনে নিজৰাই
পোৱা নাই
এনে শিহৰন
পোৱা নাই
পোৱা নাই
এনে শিহৰন
পোৱা নাই

মোৰ সপোনৰেযে
সোণ বৰণীয়াযে
এই মাটিযে
মন মুহি যায় মোৰ
এই ৰঙেই যে
মন মুহি যায় মোৰ
এই ৰঙেই যে
মৌ পায়
নাচে যেন
মন ভোমোৰাই
মৌ পায়
নাচে যেন
মন ভোমোৰাই

অজান কি মায়াৰে
বন সুৰভীয়েযে
উতলা কৰে
শান্তি মৰণতোযে
এই মাটিতে
শান্তি মৰণতোযে
এই মাটিতে
চাই চাই
চাই মোৰ তৃষা নপলায়
চাই চাই

চাই মোৰ তৃষা নপলায়

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.